নীলাচলৰ পাতত এটা যুগৰ ছবি         সংগ্ৰহ: পংকজ জ্যোতি মহন্ত
“১৯৬৮ চনৰ পৰা ১৯৭৭ চনলৈকে মুঠতে নটা বছৰ মই নীলাচলৰ সম্পাদক হৈ আছিলোঁ। এই নটা বছৰেই আছিল অসম তথা ভাৰতৰ ইতিহাসত এটা ঘটনামুখৰ যুগ। ১৯৬৯ চনত কংগ্ৰেছৰ বিভাজন হৈছিল; ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ৰক্তাক্ত সংঘৰ্ষৰ অন্তত স্বাধীন বাংলাদেশৰ জন্ম হৈছিল; ১৯৭৫ চনত জৰুৰী অৱস্থাৰ ঘোষণাই ভাৰতীয় গণতন্ত্ৰক এক অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন কৰাই দিছিল। এই তিনিওটা যুগান্তকাৰী ঘটনাই সমসাময়িক অসমীয়া বুদ্ধিজীৱী আৰু সাধাৰণ নাগৰিকৰ মনত উদ্বেগ কৰা চিন্তা, জিজ্ঞাসা আৰু বিতৰ্কৰ বিৱৰণ লিপিবদ্ধ হৈ আছে নীলাচলৰ পাতে পাতে। আন কোনো এখন অসমীয়া বাতৰি কাকত বা আলোচনীয়ে এনে এটা দাবী কৰিব নোৱাৰে।
এই কিতাপখনত মোৰ কেইটামান বছা বছা সম্পাদকীয় প্ৰবন্ধহে সন্নিবিষ্ট কৰা হৈছে।……….” – হোমেন বৰগোহাঞি