পদ্যৰ পাছৰ কাব্য         সংগ্ৰহ: পংকজ জ্যোতি মহন্ত
কবি অজিৎ বৰুৱাৰ নিজৰে কেইটিমান কবিতাৰ বিশ্লেষণমূলক প্ৰবন্ধ এই সংকলনখনত সন্নিবিষ্ট হৈছে। লিখনীসমূহৰ সম্পৰ্কে ‘সহৃদয় পাঠকৰ উদ্দেশ্যে’ আগবঢ়ৱা কথাখিনিৰ শেষত কবিগৰাকীয়ে লিখিছে-
“…………………….. এই সকলোবিলাকৰ পৰিপ্ৰেক্ষিতত মহৎ কবি সমালোচক টি. এছ. এলিয়টে তেওঁৰ ‘To Criticize the Critic’ বোলা অতিশয় সূক্ষ্মদৰ্শী ৰচনাখনত ব্যক্ত কৰা কিছুমান মন্তব্য উদ্ধৃতিযোগ্য।
“শিল্পীয়ে যেতিয়া নিজে নিজৰ শিল্পকৰ্মৰ বিষয়ে লেখে তেতিয়াহে আমি বিশুদ্ধ সাহিত্য-সমালোচনাৰ আটাইতকৈ ওচৰ চাপো। আৰু এই কাৰণেই মই জনচন, ৱাৰ্ডছৱাৰ্থ্ আৰু কোলৰিজ্জৰ ফাললৈ চকু ঘুৰাও (প’ল ভ্যালেৰিৰ কথা অলপ বিশেষ ধৰণৰ) । অন্য ধৰণৰ সমালোচনাত ইতিহাস লেখক, দৰ্শন শাস্ত্ৰী, নীতিশিক্ষাদাতা, সমাজবিজ্ঞানী বা ব্যাকৰণবিদে এটা ডাঙৰ অংশ ল’ব পাৰে; কিন্তু যিমানখিনিলৈকে সমালোচনা বিশুদ্ধভাৱে সাহিত্য-সমালোচনা মোৰ বিশ্বাস যে সিমানলৈকে শিল্পীসকলে নিজৰ শিল্প-কৰ্ম সম্পৰ্কে নিজে লেখা সমালোচনা বেছি প্ৰগাঢ় আৰু বেছি কৰ্তৃত্বশীল যদিও শিল্পীজনৰ যোগ্যতাৰ পৰিসৰ ঠেক হ’ব পাৰে।”
এই শতকৰ ইংৰাজী সাহিত্যৰ অন্যতম কবিসকলৰ আৰু সৰ্বশ্ৰেষ্ঠ সাহিত্য-সমালোচকসকলৰ এজনৰ এইখিনি কথাই এই কিতাপখন প্ৰকাশ কৰাৰ ন্যায্যতা প্ৰতিপন্ন কৰিছে বুলি আশা কৰো।
কিতাপখনৰ ৰচনাবিলাক মূল পদ্যবিলাকৰ ৰচনাকালৰ ক্ৰম অনুযায়ী সজোৱা হৈছে যাতে সহৃদয় পাঠকে মোৰ পদ্য ৰচনাৰীতিৰ বিৱৰ্তনৰ ধাৰাটো অনুমান কৰিব পাৰে।
এই ৰচনাবিলাকৰ কেইখনমান ‘সূত্ৰধাৰ’ আলোচনীত আৰু দুখন ‘গৰিয়সী’ আলোচনীত প্ৰকাশ হৈছিল। সেই আলোচনী দুখনৰ সম্পাদকসকললৈ মোৰ ধন্যবাদ।”