সাউদৰ পুতেকে নাও মেলি যায়         বৰ্ণনা লেখক :হীৰামনি দাস
কিতাপখনৰ মূল চৰিত্ৰ হৈছে বাপুকন । বাপুকনৰ কিশোৰ সময়ৰ মানসিক যাত্ৰা, উত্তৰণ, সংঘাত আৰু দৰ্শনেৰে পূৰ্ণ এখন ব্যতিক্ৰমী উপন্যাস সাউদৰ পুতেকে নাও মেলি যায় ।
কিতাপখনৰ প্ৰথম অধ্যায়ত বাপুকন আৰু তাৰ বন্ধু হেবাঙে অলৌ-টলৌকৈ ঘূৰি-ফুৰা,নদীত হেঁপাহ পলুৱাই গা ধোৱা আদি শৈশৱৰ বহু ৰঙীন ঘটনাৰ সমাহাৰেৰে পৰিপূৰ্ণ । গৰম বন্ধৰ এদিন দুপৰীয়া হেবাঙে হলিবাৰীৰ কলি আম খাবলৈ বাপুকণক মাতিবলৈ আহিছিল কিন্তু সেই সময়ত দেউতাকে বাপুকনক অংক কেইটামান কৰিবলৈ দিছিল । মাজে মাজে এনেবোৰ কাৰণতেই তাৰ দেউতাকলৈ খুব খং উঠে । হেবাং দেউতাক নোহোৱা মাউৰা ল'ৰা ।মাক আছে যদিও মাকৰ কথা সি সমূলি নুশুনে । এইবাৰ সি স্কুলো বাদ দিলে । সেয়ে বাপুকনেও কেতিয়াবা মনে মনে কামনা কৰে তাৰ দেউতাকেও মৰি থকাতো । কিন্তু পিছমূহূৰ্ততে দেউতাকৰ প্ৰতি এনে ভাৱ অনা বাবে অনুশোচনাত ভোগে । এদিন হেবাং আৰু বাপুকন হলিবাৰীত আম খাবলৈ গৈ ভূতৰ ভয়ত পেপুৱা লাগি থকা অৱস্থাতে দেউতাকে সিঁহতক বিচাৰি তাত উপস্থিত হোৱা আৰু দেউতাকৰ মাৰৰ ভয়ত সেইদিনা হেবাঙৰ ঘৰতেই ৰাতি কটোৱা আদি ঘটনাবোৰে ৰোমাঞ্চিত কৰি তোলে । এক জটিল ৰোগত আক্ৰান্ত হৈ বাপুকনৰ ভনীয়েকৰ মৃত্যু হোৱা ঘটনাটোৱে তাৰ মনত বৰ বেয়াকৈ আঘাত দিয়াৰ লগতে পাঠকৰ হৃদয়ত দুখৰ জোৱাৰ তোলে ।
দ্বিতীয় অধ্যায়ত বাপুকনক সম্পূৰ্ণ নতুন ৰূপত আৱিষ্কাৰ কৰিলোঁ । বাপুকনৰ ভাল নাম বিক্ৰম । পিছলৈ বাপুকনে হেবাঙৰ লগত অলৌ-টলৌকৈ ঘূৰি নুফুৰি কিতাপ পঢ়ি সময় কটাই ভাল পোৱা হ'ল । হেবাঙৰ লগত তাৰ বন্ধুত্বৰ ফাট মেলিল কিন্তু হেবাঙৰ ঠাই পূৰালে সিঁহতৰ গাঁৱলৈ নতুনকৈ অহা দাৰোগাৰ পুতেক দুলালে । দুলাল এজন চোকা ল'ৰা । সি শ্ৰেণীৰ পাঠ্যপুথিৰ উপৰিও বাহিৰা কিতাপ পঢ়ি ভাল পায় লগতে দুই এটা কবিতাও লিখে । কম সময়তে দুয়ো ভাল বন্ধু হৈ পৰিল । সিঁহতৰ গাঁৱৰ ল'ৰা কেইজনমানক গোটাই দুয়োয়ে হৰগোবিন্দ নামেৰে পুথিভঁৰাল এটি গঢ়ি তোলে । কিতাপ পঢ়ি ভাল পোৱা বিক্ৰমৰ মনত প্ৰায় প্ৰত্যেকখন কিতাপেই সাঁচ বহুৱাই থৈ যায় ।