ঈয়াৰুইঙ্গম         সংগ্ৰহ: ৱিকিপিডিয়া
দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে।
ইয়াৰুইঙ্গম মানে ৰাইজৰ শাসন। এটা নগা শব্দ। টাংখুল নগা সমাজৰ কিছু ঘাট-প্ৰতিঘাট, উন্নতি অৱনতিৰ সম্যক আঁচোৰ পৰিছে ইয়াত। স্বাধীনতা কালছোৱাৰ আগে-পাছে ইংৰাজ শাসনে সমাজত আনি বিৰূপ প্ৰতিক্ৰিয়া আৰু স্বাধীনতা লাভৰ আশাত উন্মুখ এচাম মানুহৰ নিজৰ মাজতেই টনা আজোঁৰাত দুৰ্বিসহ হৈ উঠিছে জীৱন। চাৰেংলাৰ আঁত ধৰিয়েই উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে। জাপানী সৈনিক ইশ্বেৱৰাৰ ৰক্ষিতা হৈ এবছৰকাল কটোৱাৰ পিছত ইংৰাজ সেনাৰ প্ৰত্যাৱৰ্তনৰ লগে লগেই চাৰংলাৰ জীৱনলৈ দুৰ্য্যোগ নামি আহে। নগা সমাজত পতিতাৰ বাবে কোনো ঠাই নাই। সকলোৰে পুতৌ আৰু ঘৃণাৰ পাত্ৰী হৈ অৱশেষত চাৰেংলাই অজানিতে ঘটনাচক্ৰত পৰি সঁচাসচিকৈ পতিতা হৈ পৰে। আনহাতে ৰিশ্বাঙে নিজৰ সমাজত শিক্ষাৰ পোহৰ বিলাবলৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গুচি যায়। দেউতাকৰ মৃত্যুৰ খবৰ লবলৈ উভতি অহা ৰিশ্বাঙে দায়িত্ব আৰু কতৰ্ব্যৰ হাত হাৰিব নোৱাৰি পিতৃহন্তা ঙাঠিঙখুইক ক্ষমা কৰি দিয়াৰ কথাটোৱে নগা সমাজত ৰিশ্বাঙৰ স্থিতি সলনি কৰি দিয়ে। ৰিশ্বাঙেও মানুহৰ মাজত থকা অবাঞ্চিত অসূয়া আক্ৰোশবোৰ আঁতৰাই শিক্ষাৰ জেউতি বিলাবলৈ মানুহৰ মাজত সজাগতা অনাৰ চেষ্টা কৰে। আনহাতে ভিডেচেলীয়ে মুক্তি বিচাৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লয়। অপ্ৰকাশ্যভাৱেই ৰিশ্বাং আৰু ভিডেচেলীৰ মাজত এখন অলংঘ্য প্ৰাচীৰ গঢ় লৈ উঠে। স্বাধীনতাৰ পাছতো স্বাধীনতাৰ প্ৰকৃত অৰ্থ নুবুজা অশিক্ষিত হোজা মানুহচামৰ অৱস্থা গুৰিয়াল বিহীন নাৱৰ দৰে হৈছে। ভিডেচেলীৰ অনুচৰৰ হাততেই ভনীজোঁৱায়েক জীৱনৰ মৃত্যু হয়। ৰিশ্বাঙো গুৰুতৰভাৱে আহত হয়। অবৈধ হ’লেও নিজৰ মৃত সন্তানৰ দুখ পাহৰাবলৈ আৰু জীৱনৰ অৰ্থ বিচাৰি চাৰেংলাই সাৰথি কৰি লয় জীৱনৰ পুতেক কনচেঙক। প্ৰেমত প্ৰত্যাখিত ফানিটফাঙে জীৱনৰ শেষ সময়ত উপলব্ধি কৰে জীৱনৰ মাহাত্ম্য। প্ৰাপ্তিয়েই শেষ কথা নহয়। যি ঘটে তাক সহজভাৱে স্বীকাৰ কৰি লব পৰাটোৱেই জীৱনৰ একমাত্ৰ সাফল্য।[1] জীৱনটো ক্ষণিকৰ এটা বিস্ময়- স্ফুলিঙ্গৰ দৰে খন্তেকপৰ প্ৰজ্বলিত হৈ আকৌ সি গুচি যায় কোনো এক অজ্ঞাত অন্ধকাৰৰ ৰাজ্যলৈ। ইয়াৰুইঙ্গমৰ কাহিনীয়ে তাকেই কৈ যায়। জীৱন মৃত্যুৰ এই লুকা ভাকুত একমাত্ৰ সহজ পথ হ’ল শান্তি।